২১ অক্টোবৰ, ভূটানৰ সমীপবর্তী দৰং জিলাৰ এখন বড়ো জনগোষ্ঠীয় এখন সৰু গাঁওগুৱাহাটীৰ পৰা গাড়ীৰে দুঘণ্টাৰ বাট, জনৈক বন্ধুসহ গৈ কিছু সময় কটাইছিলোঁ। প্রায় প্রতিঘৰৰেই গাহৰী পোহে আৰু চুলাই মদ বনায়। এটা গাহৰী ১২ৰ পৰা ১৫ হেজাৰ টকাত চিলঙৰ বেপাৰীয়ে আহি কিনি নিয়ে পিছে বাৰীত সোমাই দেখো যে কাৰোবাৰ এটা, কাৰোবাৰ মাত্র দুটা গাহৰী। প্রশ্ন কৰাত ওলাল যে খাবলৈ নাপালে গাহৰীবোৰে বৰ চিঞৰেসেয়ে বেচি পুহিব নোৱাৰে। অর্থাত গাহৰীৰ খাদ্যৰ অভাব। খাদ্য হল চুলাই মদ বনোৱাৰ পাচত যি অলপ-অচৰপ অবশিষ্ট ৰয় তাকে কচুৰ লগত মিহলাই গাহৰীৰ খাদ্য প্রস্তুত কৰা হয়। তেওঁলোক সহজ-সৰল কিন্তু বুজন মানুহ। গাহৰীৰ বিকল্প খাদ্যৰ ব্যবস্থা হলে হয়তো চুলাই মদ বনোৱাৰ আর্থিক তাগিদাও নাথাকিব, কাৰণ সৰহকৈ গাহৰী পুহিব। কিন্তু লাখটকীয়া প্রশ্ন – গাহৰীৰ বিকল্প খাদ্যৰ ব্যবস্হা কোনে কৰিব?